শিক্ষণ -শিকণ প্ৰক্ৰিয়াৰ মনোবিজ্ঞান সন্মত নীতি
শিক্ষণ-শিকণ প্ৰক্ৰিয়াৰ মনোবিজ্ঞান সন্মত নীতি
১) অভিৰোচন আৰু অভিৰুচিৰ নীতি ( Principle of motivation and interest): অভিৰোচন আৰু অভিৰুচি অবিহনে শিকোৱা আৰু শিকা এই দুয়োটা প্ৰক্ৰিয়াক
বাস্তাৱায়িত কৰি তোলা সম্ভৱ নহয়। অভিৰোচনে অভিৰুচি বৃদ্ধি কৰে। শ্ৰেণীকোঠাত ছাত্ৰ-শিক্ষক উভয়ে এই নীতি অৱলম্ভন কৰি শিক্ষণ-শিকণ কাৰ্য সম্পন্ন কৰা উচিত।
২) শান্তি-বিনোদনৰ নীতি ( Principle of recreation): বিভিন্ন কাৰণত শিক্ষানুষ্টানত বা শ্ৰেণীকোঠাত ছাত্ৰ-শিক্ষক উভয়ৰে দেহ মনত ক্লান্তি বা অৱসাদ আহিব পাৰে। এই নীতিয়ে শিকোৱা আৰু শিকা দুয়োকে আনন্দদায়ক কৰি তোলে। এডৱাৰ্ড লি থৰ্ণডাইক (আমেৰিকান মনোবিজ্ঞানী) এই নীতিৰ পূৰ্ণ সমৰ্থক আছিল।
৩) পুনৰাবৃত্তি আৰু অনুশীলনৰ নীতি ( Principle of repetition and exercise): পুনৰাবৃত্তি আৰু অনুশীলনে শিক্ষণ নিখুঁত কৰি তোলে। এডৱাৰ্ড লি থৰ্ণডাইকে এই নীতিৰ গুৰুত্ব শিক্ষণৰ ক্ষেত্ৰত অপৰিসীম বুলি বৰ্ণনা কৰিছে।
৪) প্ৰতিকাৰৰ বাবে অভিপ্ৰেত শিক্ষণৰ নীতি (Principle of remedial teaching): কেতিয়াবা কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকল কোনো ধাৰণা ভূলভাৱে গ্ৰহণ কৰিব পাৰে। এয়া হয়তো শিক্ষকৰ ভূলৰ বাবেও হব পাৰে। শিক্ষকে পৰৱৰ্তী কালত এই ভূলবোৰ প্ৰণালীবদ্ধ
বাবে চিনাক্ত কৰি ভূল ধাৰণা আতৰাই শুদ্ধ ধাৰণাবোৰ দিব লাগে। ভূলৰ বিশুদ্ধিকৰণৰ বাবে এই নিদানমুলক নীতি প্ৰয়োগ কৰিব লাগে।
৫) সহানুভূতি আৰু সহযোগীতাৰ নীতি (Principle of sympathy and co-operation): শিক্ষক সকল ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হয় যদিহে শিক্ষকজন শ্ৰেণী পৰিৱেশত ধৈৰ্য সহানুভূতিৰে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ বুজ লয় আৰু সেইবোৰৰ সমাধান কৰিবলৈ যত্নপৰ হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমুহৰ প্ৰকৃত কাৰণ মনোবিজ্ঞান সন্মতভাৱে অধ্যয়ন কৰি সমস্যাসমুহৰ সমাধানৰ উপায় উদ্ভাৱন কৰি ফলপ্ৰসুভাৱে প্ৰয়োগ কৰাৰ বাবে শিক্ষক সকল সহানুভূতিশীল হোৱা আৱশ্যক।ছাত্ৰ-ছাত্ৰীসকলৰ মনত শিক্ষকজন ভাল বন্ধু আৰু পথ প্ৰদৰ্শক হিচাপে বিবেচিত হলে ছাত্ৰ-ছাত্ৰীসকলক সহজে শিকাব পৰা যায় আৰু শিক্ষণ শিকণৰ অইন কাৰ্যবোৰো সূচল হৈ পৰে। এনেক্ষেত্ৰত শিক্ষকজন ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত অভিৰোচন সৃষ্টিকাৰি শক্তি হিচাপে পৰিগণিত হোৱা আৱশ্যক।
৬) পুনৰ্বসনৰ নীতি (Principle of reinforcement): 'পুনৰ্বসন' শব্দটো আমিৰিকান মনোবিজ্ঞানী বি.এফ.স্কিনাৰৰ অপাৰেন্ট কন্ডিচনিং ত ব্যৱহৃত ধাৰণাৰ শব্দ। তেওঁৰ মতে ভাল কাম অথবা ফলপ্ৰসু শিক্ষণৰ বাবে পুৰস্কাৰ আৰু বেয়া কাম বা বিফলতাৰ বাবে শাস্তি, পুনৰ্বসন প্ৰক্ৰিয়া দৃঢ় কৰি তোলাৰ বাবে ব্যৱহাৰ কৰা সম্ভৱ। শিক্ষণ -শিকণ প্ৰক্ৰিয়াত পুনৰ্বসনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ ফলপ্ৰসু প্ৰদৰ্শনৰ প্ৰক্ৰিয়া বৃদ্ধি কৰি তুলিব পৰা ভিন ভিন ধৰণৰ সংবেদকৰ ব্যৱহাৰ অথবা উপস্থাপন অথবা অপসাৰণ প্ৰক্ৰিয়াকহে
বুজায়। উদাহৰণ স্বৰূপে ছাত্ৰ-ছাত্ৰীসকলক কোনো প্ৰশ্নৰ শুদ্ধ
উত্তৰ প্ৰদান কৰাৰ পুৰস্কাৰৰ নীতি প্ৰয়োগ কৰি প্ৰশংসা কৰা হয় তেন্তে তেওঁলোকে অধিক
ভালকৈ শুদ্ধ উত্তৰ দিয়াৰ প্ৰচেষ্টা চলায়।
৭) সৃষ্টিশীলতা আৰু আত্মকাৰ্যক উৎসাহিত কৰাৰ নীতি (Principle of encouraging creativity and self-expression ): শিক্ষণ –শিকণ প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্জীৱ শ্ৰোতা নবনাই সক্ৰীয় অংশগ্ৰহণকাৰী হিচাপে গঢ় দিব লাগে। শ্ৰেণী পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল প্ৰতিভাসমুহ বিকাশপ্ৰাপ্ত কৰি তোলাৰ বাবে আত্মকাৰ্যক উৎসাহিত কৰিব লাগে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ধৈৰ্য আৰু সহনশীলতাৰে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক সক্ৰীয় বা সজীৱ ভাৱে শ্ৰেণী কাৰ্যত আত্মনিয়োগৰ সুবিধা প্ৰদান কৰিব লাগে।
৮) ইন্দ্ৰিয় প্ৰশিক্ষণ প্ৰদানৰ নীতি (Principle of imparting sense training): ইটালিয়ান শিক্ষা মনোবিজ্ঞানী ডাঃ মাৰিয়া মন্টেশ্বৰী ইন্দ্ৰিয় অনুশীলনৰ নীতি
উদ্ভাৱন কৰি উলিয়াইছিল। মানুহৰ ইন্দ্ৰিয় পাচঁটা হল-চকু,কাণ,নাক,জিভা আৰু ছাল।
প্ৰশিক্ষণ প্ৰদানৰ দ্বাৰা ইন্দ্ৰিয় সমুহৰ বিকাশ সাধন কৰি শিক্ষণ-শিকণ প্ৰক্ৰিয়া ফলপ্ৰসু কৰা সম্ভৱ। ইন্দ্ৰিয় প্ৰশিক্ষণৰ দ্বাৰা ইন্দ্ৰিয় সমুহৰ উপযুক্ত গ্ৰহণ ক্ষমতাৰ বিকাশ সাধন কৰা অতি প্ৰয়োজন। শিকাৰ ক্ষেত্ৰত নানা ধৰণৰ দৈহিক-মানসিক ক্ষমতা যেনে-নিৰীক্ষণ, চিনাক্তকৰণ, সামান্যীকৰণ, পৰিক্ষণৰ দৰে শক্তি-সামৰ্থৰ প্ৰয়োজন। এই ক্ষমতাসমুহৰ লগত ছাত্ৰ-ছাত্ৰীসকলৰ ইন্দ্ৰিয়সমুহৰ গভীৰ সম্পৰ্ক আছে। ইন্দ্ৰিয়সমুহৰ শক্তি-সামৰ্থ বৃদ্ধিৰ বাবে ইন্দ্ৰিয় প্ৰশিক্ষণ প্ৰদানৰ নীতি প্ৰয়োগ কৰাটো অত্যন্ত জৰুৰী।0 0 0
You May Like:

Comments
Post a Comment
Comments should be honest and suggestive.