Posts

Showing posts with the label Pedagogy

পৰিৱেশ অধ্যয়ন টেট

Image
  পৰিৱেশ অধ্যয়ন টেট পৰিৱেশ অধ্যয়ন টেট ১) খাৰিফ শস্য-বাৰিষা কালৰ (জুন- ছেপ্টেম্বৰ)  শস্যবোৰেই হল খাৰিফ শস্য। ধান, মাকৈ, বাদাম, কপাহ আদি।   ২) ৰবি শস্য -শীতকালত (অক্টোবৰ-মাৰ্চ) উ ৎ পাদিত শস্যবোৰেই  ৰবি শস্য। ঘেঁহু, বুট, মটৰ,সৰিয়হ, তিচি আদি।   ৩) জৈৱিক সাৰ-পচন সাৰ, কেঁচুসাৰ। ৪) ৰাসায়নিক সাৰ-ইউৰিয়া, এমনিয়াম ছালফেট,  ছুপাৰ ফছফেট, পটাছ, এন,পি,কে (নাইট্ৰজেন,ফছফৰাছ, পটাছিয়াম)। ৫) জৈৱিক সাৰে মাটিত প্ৰচুৰ পৰিমানে হিউমাছ  যোগান ধৰে। ৬) অনুজীৱৰ ভাগ চাৰিটা-বেক্টেৰিয়া, ভেঁকুৰ,  প্ৰটজৱা আৰু শেলাই। ৭) ভাইৰাছ হল জীৱ আৰু জড়ৰ মাজৰ অবস্থা,  ইয়াৰ অৰ্থ-বিষ। ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ- ইনফ্লুয়েঞ্জা (ফ্লু), কাঁহ, জ্বৰ, চৰ্দী,  পলিঅ, বসন্ত আদি। ৮) প্ৰটজৱাৰ দ্বাৰা হোৱা ৰোগ-গ্ৰহণী,  মেলেৰিয়া । ৯)বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ-যক্ষ্মা,  টাইফয়েড (সন্নিপাত)। ১০) গাখীৰক দৈ বনোৱাত সহায় কৰে-  লেক্টবেছিলাচ বেক্টেৰিয়া। ১১)পাউৰুটি, কেক্, পেষ্ট্ৰি প্ৰস্তুত কৰাত  ইষ্ট ব্যৱহাৰ কৰা হয়। ১২) ইষ্টৰ দ্বাৰা চেনিক সূৰালৈ ৰূপান্তৰ  কৰা প্ৰক্ৰিয়াক কিন্বন বোলে।...

শিক্ষণ -শিকণ প্ৰক্ৰিয়াৰ মনোবিজ্ঞান সন্মত নীতি

Image
  শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ মনোবিজ্ঞান সন্মত নীতি   ১) অভিৰোচন আৰু অভিৰুচিৰ নীতি ( Principle of motivation and interest): অভিৰোচন আৰু অভিৰুচি অবিহনে শিকোৱা আৰু শিকা এই দুয়োটা প্ৰক্ৰিয়াক বাস্তাৱায়িত কৰি তোলা সম্ভৱ নহয়। অভিৰোচনে অভিৰুচি বৃদ্ধি কৰে। শ্ৰেণীকোঠাত ছাত্ৰ-শিক্ষক উভয়ে এই নীতি অৱলম্ভন কৰি শিক্ষণ-শিকণ কাৰ্য সম্পন্ন কৰা উচিত। ২) শান্তি-বিনোদনৰ নীতি  ( Principle of recreation ): বিভিন্ন কাৰণত শিক্ষানুষ্টানত বা শ্ৰেণীকোঠাত ছাত্ৰ-শিক্ষক উভয়ৰে দেহ মনত ক্লান্তি বা অৱসাদ আহিব পাৰে। এই নীতিয়ে শিকোৱা আৰু শিকা দুয়োকে আনন্দদায়ক কৰি তোলে। এডৱাৰ্ড লি থৰ্ণডাইক (আমেৰিকান মনোবিজ্ঞানী) এই নীতিৰ পূৰ্ণ সমৰ্থক আছিল।   ৩) পুনৰাবৃত্তি আৰু অনুশীলনৰ নীতি ( Principle of   repetition and exercise ): পুনৰাবৃত্তি আৰু অনুশীলনে শিক্ষণ নিখুঁত কৰি তোলে। এডৱাৰ্ড লি থৰ্ণডাইকে এই নীতিৰ গুৰুত্ব শিক্ষণৰ ক্ষেত্ৰত অপৰিসীম বুলি বৰ্ণনা কৰিছে। ৪) প্ৰতিকাৰৰ বাবে অভিপ্ৰেত শিক্ষণৰ নীতি   (Principle of   remedial teaching): কেতিয়াবা কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকল কোনো ধাৰণা ভূলভাৱে গ্ৰহণ...

শিক্ষণ -শিকণ প্ৰক্ৰিয়া আৰু শিক্ষণশৈলি | Teaching-Learning Process and Pedagogy

Image
  শিক্ষণ - শিকণ প্ৰক্ৰিয়া আৰু শিক্ষণশৈলি (Teaching-Learning Process and Pedagogy)   শিকোৱা  প্ৰক্ৰিয়া হৈছে মনোবিজ্ঞানৰ লগত জ ড়ি ত প্ৰক্ৰিয়া । ইয়াৰ মূল উদ্দেশ্য হৈছে শিকণৰ উদ্দেশ্যাৱলীক সুন্দৰভাৱে বাস্তাবায়িত কৰা। শিকণৰ মূল উদ্দেশ্য হৈছে মানৱ আচৰণ প্ৰকাশিত হোৱা তিনিটা মূল দিশ অথবা ক্ষেত্ৰ, যেনে-সংজ্ঞাত্মক বা প্ৰজ্ঞানাত্মক (Cognitive), ভাৱ-অনুভূতিমূলক (affective) আৰু ক্ৰিয়ামূলক (Psychomotor domain ) ক্ষেত্ৰৰ সকলো শক্তি আৰু ক্ষমতাৰে প্ৰণালিবদ্ধ বিকাশ সাধন কৰি মানৱ আচৰণৰ সংস্কাৰ ঘটোৱা। মানুহৰ আচৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন আৰু ৰূপান্তৰ প্ৰক্ৰিয়াক শিক্ষণ বোলে। শিক্ষণ হৈছে এটা উদ্দেশ্যধৰ্মী প্ৰক্ৰিয়া । শিক্ষণৰ মূল কথা হৈছে লক্ষ্যত উপনীত হোৱা অথবা সমস্যাৰ সমাধান কৰা । প্ৰা্ণীৰ বিকাশৰ প্ৰক্ৰিয়াত বংশগতি আৰু পৰিৱেশৰ উপাদানবোৰে (Factors of hereditary and Environment) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জন্মসূত্ৰে প্ৰত্যেকটো প্ৰাণীয়ে পূৰ্বপুৰুষৰ পৰা বিশেষ কিছুমান ক্ষমতা বা গুণ আহৰণ কৰে। এই ক্ষমতা বা গুণবোৰেই হল সহজাত প্ৰবৃতি বা আচৰণ (Innate Behaviour) । এনে আচৰণত প্ৰা্ণীৰ জাতিগত বৈশিষ্ট আ...