শিক্ষণ -শিকণ প্ৰক্ৰিয়া আৰু শিক্ষণশৈলি | Teaching-Learning Process and Pedagogy

 শিক্ষণ-শিকণ প্ৰক্ৰিয়া আৰু শিক্ষণশৈলি

(Teaching-Learning Process and Pedagogy) 


শিক্ষণ -শিকণ প্ৰক্ৰিয়া আৰু শিক্ষণশৈলি



শিকোৱা প্ৰক্ৰিয়া হৈছে মনোবিজ্ঞানৰ লগত জড়িত প্ৰক্ৰিয়াইয়াৰ মূল উদ্দেশ্য হৈছে শিকণৰ উদ্দেশ্যাৱলীক সুন্দৰভাৱে বাস্তাবায়িত কৰা। শিকণৰ মূল উদ্দেশ্য হৈছে মানৱ
আচৰণ প্ৰকাশিত হোৱা তিনিটা মূল দিশ অথবা ক্ষেত্ৰ, যেনে-সংজ্ঞাত্মক বা প্ৰজ্ঞানাত্মক (Cognitive), ভাৱ-অনুভূতিমূলক (affective) আৰু ক্ৰিয়ামূলক (Psychomotor
domain
) ক্ষেত্ৰৰ সকলো শক্তি আৰু ক্ষমতাৰে প্ৰণালিবদ্ধ বিকাশ সাধন কৰি মানৱ
আচৰণৰ সংস্কাৰ ঘটোৱা। মানুহৰ আচৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন আৰু ৰূপান্তৰ প্ৰক্ৰিয়াক শিক্ষণ বোলে। শিক্ষণ হৈছে এটা উদ্দেশ্যধৰ্মী প্ৰক্ৰিয়া । শিক্ষণৰ মূল কথা হৈছে লক্ষ্যত
উপনীত হোৱা অথবা সমস্যাৰ সমাধান কৰা
প্ৰা্ণীৰ বিকাশৰ প্ৰক্ৰিয়াত বংশগতি আৰু পৰিৱেশৰ উপাদানবোৰে (Factors of hereditary and Environment) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জন্মসূত্ৰে প্ৰত্যেকটো প্ৰাণীয়ে পূৰ্বপুৰুষৰ পৰা বিশেষ কিছুমান ক্ষমতা বা গুণ আহৰণ কৰে। এই ক্ষমতা বা গুণবোৰেই হল সহজাত প্ৰবৃতি বা আচৰণ (Innate Behaviour)এনে আচৰণত প্ৰা্ণীৰ জাতিগত বৈশিষ্ট আৰু চৰিত্ৰ প্ৰকাশ পায়। পূৰ্বপুৰুষৰ অহা এই গুণবোৰেই হল প্ৰাণীৰ বিকাশৰ মৌলিক সম্পদ আৰু এই ক্ষমতা বা গুণবোৰৰ সংস্কাৰ সাধন কৰি উন্নত জীৱন প্ৰক্ৰিয়াৰে আগবাঢিব পৰা যায়। এনেধৰণৰ বিকাশ প্ৰাণীৰ নিজস্ব পৰিবেশতহে সম্ভৱ। গতিকে এটা প্ৰা্ণীৰ বিকাশ যথাৰ্থভাৱে সম্ভৱ হয় জন্মগত জৈৱিক আচৰণ (বংশগতি) আৰু পাৰিপাৰ্শ্বিক অৱস্থা (পৰিৱেশ) এই দুয়োটা
কাৰকৰ ওপৰত।প্ৰা্ণীৰ জন্মগত প্ৰৱণতা সমুহক সম্পদ হিচাপে লৈ বিভিন্ন পৰিৱেশৰ বিভিন্ন অৱস্থাত এনে প্ৰৱণতাসমুহৰ বিকাশ আৰু ক্ৰমোন্নতিত শিক্ষণ
  প্ৰক্ৰিয়াই মূখ্য ভূমিকা পালন কৰে। এই ক্ষেত্ৰত প্ৰতিটো প্ৰাণীয়ে নিজস্ব বিকাশ প্ৰক্ৰিয়াৰে আগবাঢ়ি যাওঁতে পৰিবৰ্তনশীল পৰিৱেশ আৰু পৰিস্থিতিৰ বিভিন্ন সমস্যা আৰু প্ৰতিকুল অৱস্থাৰ মূখামূখি হয়। এনে কাৰ্যৰ সহায়ত প্ৰাণীয়ে জন্মজ আচৰণৰ পৰিবৰ্তন কৰিবলৈ বাধ্য হয়। প্ৰাণীয়ে নিজৰ প্ৰবৃত্তি পৰিচালিত আচৰণ সংশোধন কৰি উন্নত ক্ৰিয়া আচৰণৰ সহায়ত পৰিৱেশৰ লগত সমাযোজন কৰিবলৈ অভিজ্ঞতা আহৰণ কৰা এনে কাৰ্যক শিক্ষণ বুলি অভিহিত কৰা হয়।অৰ্থা প্ৰাণীয়ে নিজস্ব জীৱন অভিজ্ঞতাৰ দ্বাৰা আচৰণৰ সংস্কাৰ সাধন কৰি লোৱা বিশেষ কাৰ্যই হৈছে শিক্ষণ

মনোবিজ্ঞানীসকলে শিক্ষণ সম্পৰ্কে আগবঢ়োৱা কিছুমান সংজ্ঞা-

১) ৰাইবাৰ্ণ-  শিক্ষণ হৈছে ইয়াৰ সৰলতম পৰ্যায়ত পৰিস্থিতিৰ প্ৰতি প্ৰতিক্ৰিয়া কৰা অথবা ইয়াৰ উৎকৰ্ষ সাধন কৰিবলৈ পূৰ্বৱৰ্তী আচৰণৰ সংশোধন কৰা  

২) গেইটছ্ ৰ মতে-  শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কাৰ্য

৩) কিংছলে আৰু গেৰিৰ মতে- শিক্ষণ এবিধ সমাযোজন পদ্ধতি। ই হৈছে জীৱৰ এনে এক ক্ৰিয়া পদ্ধতি যাৰ দ্বাৰা প্ৰাণীয়ে নিজৰ অভিপ্ৰায়বোৰ পুৰণৰ বাবে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লয় অথবা সমাযোজন কৰে আৰু তাৰ যোগেদি উপস্তিত বাধা-বিঘিনি অতিক্ৰম কৰিবৰ বাবে নিজৰ আচৰণ সংশোধন কৰে

৪) লিষ্টাৰ ক্ৰ আৰু এলিছ ক্ৰ- ব্যক্তিৰ অভ্যাস, জ্ঞান আৰু মনোভাৱ আদি সংগ্ৰহ কৰণেই হৈছে শিক্ষণই নতুন ধৰণেৰে কৰা ক্ৰিয়া আচৰণৰ ওপৰত নিৰ্ভৰ কৰে।ব্যক্তিয়ে নিজৰ বাধা-বিঘিনি অতিক্ৰম কৰি নতুন পৰিস্থিতিত সমাযোজন স্থাপন কৰাৰ ক্ষেত্ৰত ই প্ৰকাশ পায়।

৫) গিলফোৰ্ড- আমাৰ আচৰণৰ পৰিণতিস্বৰূপে পৰবৰ্তী আচৰণৰ যিকোনো পৰিবৰ্তনেই হৈছে শিক্ষণ

শিক্ষণৰ সাধাৰণ নীতিসমুহ–(General Principles of Teaching):

১) লক্ষ্যৰ নীতি (Principle of aim): প্ৰত্যেকটো পাঠ একোটা লক্ষ্যৰে বা যি লক্ষ্যৰে পাঠটো পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে, সেই অনুযায়ী শিক্ষকজনে পঢ়াবলৈ
চেষ্টা কৰিব লাগে।
লক্ষ্যই শিক্ষণ আৰু শিকণ দুয়োটাকে মনোগ্ৰাহী কৰে।  

২) প্ৰণোদনৰ নীতি বা অভিৰোচনৰ নীতি ( Principle of motivation): শিক্ষকে ছাত্ৰক
অভিৰোচিত কৰাৰ গুণসমুহ থাকিব লাগে।

৩) কাৰ্যৰ  নীতি বা কাৰ্য সম্পাদন কৰি শিকাৰ নীতি (Principle of activity or learning by doing): ছাত্ৰ-ছাত্ৰীসকলক মৌখিকভাৱে বুজাই থকাতকৈ হাতে কামে শিকালে সহজে পাঠ আয়ত্ত কৰিব পাৰে।

৪) জীৱনৰ ৰিজোৱাৰ নীতি ( Principle of linking with life):যিমানদুৰ সম্ভৱ, পাঠ বা বিষয়বস্তুক জীৱনৰ বিভন্ন দিশৰ সৈতে ৰিজোৱাৰ চেষ্টা কৰিব লাগে।

৫) পৰিকল্পনাৰ নীতি ( Principle of Planning): এক নিৰ্দিষ্ট  পৰিকল্পনামতে পাঠ এটা আগুৱাই নিব লাগে।পাঠদানৰ প্ৰয়োজন হব পৰা শিক্ষণ আহিলাবোৰ আগতীয়াকৈ গোটাই ৰাখিব লাগে (পাঠ পৰিকল্পনা প্ৰস্তুতকৰণ)।

৬)উপযুক্ত পৰিৱেশৰ নীতি (Principle of Proper Atmosphere): শ্ৰেণীকোঠাত শিক্ষাৰ এক উপযুক্ত পৰিৱেশ থাকিব লাগে।পৰিৱেশ সৃষ্টিৰ মুল দায়িত্ব শিক্ষকজনৰ।

৭)ব্যক্তি বৈষম্যৰ স্বীকৃতি দিয়াৰ নীতি ( Principle of recognizing individual differences ): শিক্ষক এজনে প্ৰত্যেক ছাত্ৰৰ ব্যক্তিগত গুণ,সীমাবদ্ধতা,দক্ষতা ভালদৰে জনাটো অপৰিহাৰ্য।

৮) সংশোধনাত্মক শিক্ষাৰ নীতি ( Principle of remedial teaching): নিজ ছাত্ৰসকলৰ সকলো দিশ জানি বুজি শিক্ষক এজনে সংশোধনাত্মক বা
নিদানমুলক শিক্ষাৰ বাবে আগবা
ঢ়িব লাগে।

৯) নমনীয়তা আৰু সহযোগীতাৰ নীতি ( Principle of co-operation and flexibility): শিক্ষক এজন সকলো সময়তে ছাত্ৰৰ প্ৰতি কঠোৰ নহৈ নমনীয় আৰু সহযোগীতা মুলক আচৰণো কৰিব লাগে।

১০) সৃষ্টিশীলতা আৰু অৱসৰৰ নীতি ( Principle of creation and recreation): ছাত্ৰ-ছাত্ৰী সকলক সৃষ্টিশীল কামত উসাহী কৰাৰ লগতে তেওঁলোকৰ এই সৃষ্টিশীলতাক অধিক বিকাশৰ বাবে কিছু অৱসৰ বা জিৰণীও প্ৰদান কৰিব লাগে।

১১) ভৱিষ্য দৰ্শন নীতি ( Principle of looking ahead): শিক্ষক এজন ভাল ভৱিষ্য দৰ্শন হব লাগে। সেইমতে, ভৱিষ্যতৰ সাম্ভাৱ্য পৰিবৰ্তন লক্ষ্য কৰিয়েই ছাত্ৰ-ছাত্ৰীক সাজু কৰিব লাগে।   

১২) নিৰ্বাচনৰ নীতি ( Principle of selection): নিৰ্বাচনৰ নীতি অনুসৰি অতি প্ৰণালিবদ্ধ ভাৱে শিকাবলগীয়া বিষয়বস্তু সমুহ নিৰ্বাচন কৰি ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা উচিত। এনে নিৰ্বাচন প্ৰক্ৰিয়াত শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যাৱলীয়ে বিশেষভাৱে প্ৰভাৱ পেলায়। অৰ্থনৈতিক, ৰাজনৈতিক,সামাজিক,ভৌগলিক, সমাজ দৰ্শন আদিৰ দৰে উপাদানসমুহ প্ৰতিটো জাতিৰ জাতীয় জীৱনৰ শিক্ষা-উদ্দেশ্য নিৰ্দ্ধাৰণত প্ৰভাৱ পেলায়।

১৩) বিভাজনৰ নীতি ( Principle of division): শ্ৰেণী পৰিৱেশত শিকাবলগীয়া বিষয়বস্তুসমুহ বিশেষকৈ কোনো এটা বিশেষ গোট, কি ধৰণে সৰু সৰু পাঠত বিভাজন কৰি শিকোৱা উচিত সেই সম্পৰ্কে শিক্ষকক সচেষ্ট কৰি তোলে এই নীতিয়ে।

১৪) পুন:পৰীক্ষাৰ নীতি (Principle of revision): শিকোৱা প্ৰক্ৰিয়াৰ বাবে পাঠ পৰিকল্পনা তৈয়াৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা পঞ্চসোপানৰ অন্যতম স্তৰ হৈছে সাৰাংশ স্মৰণ। পাঠ পৰিকল্পনা প্ৰস্তুত কৰোতে অতি নিখুঁতভাৱে পাঠৰ মূল অংশসমুহ  পুন:পৰীক্ষা কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্যকলাপ এই স্তৰত স্পষ্ট কৰি লোৱা হয়। প্ৰখ্যাত আমেৰিকান মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্ণডাইকে তিনিটা নীতিৰ কথা ব্যাখ্যা কৰিছে- (ক) প্ৰস্তুতিৰ নীতি (Law of Readiness , (খ) ফলাফলৰ নীতি (Law of effect) আৰু (গ) অনুশীলনৰ  নীতি (Law of exercise)থৰ্ণডাইকৰ মতে অনুশীলনে শিক্ষন নিখুঁত কৰে।

১৫) গণতান্ত্ৰীকভাৱে কাৰ্য্য সম্পাদনৰ নীতি (Principle of democratic dealing): গণতান্ত্ৰীকভাৱে কাৰ্য্য সম্পাদনৰ নীতিয়ে শ্ৰেণী পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলক সকলো
ধৰণৰ দমনমুলক মনোভাৱ আৰু কাৰ্যৰ পৰা মুক্তি দিয়াৰ পোষকতা কৰে। শিশুকেন্দ্ৰিক
শিক্ষাৰ প্ৰৱণতা দৃ
হৈ পৰাৰ লগে লগে শিশুসকলৰ ব্যক্তিসত্তাৰ স্বকীয় ক্ষমতাসমুহ চিনাক্তকৰণ কৰি মুক্ত আৰু স্বাধীন ভাৱে সেইবোৰৰ বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ গুৰুত্বও বৃদ্ধি পালে। ০০০.

You May Like:

  1. GK Quiz
  2. Best Quiz
  3. Collected Quiz
  4. Statistics Quiz-4
  5. Statistics Quiz-3
  6. Political Science Quiz
  7. Word History Quiz
  8. Medieval Indian History Quiz

Comments

Popular Posts

Boys Masturbation

Google Translate English to Assamese | Reviews

How to Control Masturbation

Continents of the World:

Is Masturbation a Sin

Carl Sagan's Speech on the Future of Mankind

Most Popular American President

Masturbation After Vaccine

Dynasty after Bhaskar Varmana

Health Anthology of American Literature