পৰিৱেশ অধ্যয়ন টেট

 পৰিৱেশ অধ্যয়ন টেট


পৰিৱেশ অধ্যয়ন টেট

পৰিৱেশ অধ্যয়ন টেট

১) খাৰিফ শস্য-বাৰিষা কালৰ (জুন- ছেপ্টেম্বৰ) শস্যবোৰেই হল খাৰিফ শস্য। ধান, মাকৈ, বাদাম, কপাহ আদি।  

২) ৰবি শস্য -শীতকালত (অক্টোবৰ-মাৰ্চ) উপাদিত শস্যবোৰেই ৰবি শস্য। ঘেঁহু, বুট, মটৰ,সৰিয়হ, তিচি আদি।  

৩) জৈৱিক সাৰ-পচন সাৰ, কেঁচুসাৰ।

৪) ৰাসায়নিক সাৰ-ইউৰিয়া, এমনিয়াম ছালফেট, ছুপাৰ ফছফেট, পটাছ, এন,পি,কে (নাইট্ৰজেন,ফছফৰাছ, পটাছিয়াম)।

৫) জৈৱিক সাৰে মাটিত প্ৰচুৰ পৰিমানে হিউমাছ যোগান ধৰে।

৬) অনুজীৱৰ ভাগ চাৰিটা-বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটজৱা আৰু শেলাই।

৭) ভাইৰাছ হল জীৱ আৰু জড়ৰ মাজৰ অবস্থা, ইয়াৰ অৰ্থ-বিষ। ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ- ইনফ্লুয়েঞ্জা (ফ্লু), কাঁহ, জ্বৰ, চৰ্দী, পলিঅ, বসন্ত আদি।

৮) প্ৰটজৱাৰ দ্বাৰা হোৱা ৰোগ-গ্ৰহণী, মেলেৰিয়া

৯)বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ-যক্ষ্মা, টাইফয়েড (সন্নিপাত)।

১০) গাখীৰক দৈ বনোৱাত সহায় কৰে- লেক্টবেছিলাচ বেক্টেৰিয়া।

১১)পাউৰুটি, কেক্, পেষ্ট্ৰি প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়।

১২) ইষ্টৰ দ্বাৰা চেনিক সূৰালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক কিন্বন বোলে।

১৩) জৈৱিক নাইট্ৰজেন যৌগকাৰক (Biological Nitrogen Fixer)-কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাই। এইবোৰে বায়ুমন্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ
বঢ়ায়।

১৪) মাহজাতীয় উদ্ভিদৰ শিপাত থকা ৰাইজবিয়াম বেক্টেৰিয়াই বায়ুমন্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

১৫) মেলেৰিয়াৰ বীজাণুৰ বাহক-মাইকি এনফিলিছ মহ।

১৬)ডেঙু ভাইৰাছৰ বাহক-মাইকি এইডিছ মহ। 

১৭)জীৱাশ্ম ইন্ধন- কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ।

১৮) অঙাৰীকৰণ-মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়া।

১৯) LPG- Liquified Petroleum Gas (তৰলিকৃত পেট্ৰলিয়াম গেছ)

২০) CNG-Compressed Natural Gas (সংকুচিত প্ৰাকৃতিক গেছ)

২১) ৰেড ডাটা বুক-বিপন্ন প্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ তথ্য থকা সমল পুথি।

২২) পাতত থকা ৰঙীন পদাৰ্থক প্লাষ্টিড বোলে।সেউজীয়া ৰঙৰ প্লাষ্টিডবোৰক হৰিকণা বা ক্লৰপ্লাষ্ট বোলে। ক্লৰপ্লাষ্টত থকা ক্লৰফিলে সালোক সংশ্লেষণত সহায় কৰে।

২৩)জীৱজগতৰ ভাগ পাঁচটা-মনেৰা, প্ৰটিষ্টা, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী। মনেৰা-বেক্টেৰিয়া প্ৰটিষ্টা-সকলো এককোষী সংকোষকেন্দ্ৰীয় জীৱ। 

২৪)উদ্ভিদৰ ভাগ পাঁচটা-শেলাই, মছবৰ্গ, ঢেঁকীয়াবৰ্গ, নগ্নবীজী, গুপ্তবীজী।

২৫)প্ৰাণীজগতৰ ১১টা ভাগ- ৰন্ধ্ৰীপ্ৰাণী, একনলদেহি, টিনফৰা, চেপেটা কৃমি, ঘুৰণীয়া কৃমি, বলয়ীপ্ৰাণী, সন্ধিপদী, কোমলদেহি, কন্টকচৰ্মী, হেমিকৰডাটা, পৃষ্টদন্ডীপ্ৰাণী। 

২৬) বিশ্বত সন্ধিপদী প্ৰাণীৰ সংখ্যা সৰ্বাধিক।

২৭)পৃষ্টদন্ডীপ্ৰাণীৰ ভাগ- মস, উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী।

২৮)উদ্ভিদৰ বিভিন্ন অংশ-শিপা বা মূল, কান্ড, পাত, ফল, ফুল।

২৯)ফুলৰ ভাগ-বৃন্ত বা বেটুপাত, দলমন্ডল বা পাহি, পুংস্তৱক, স্ত্ৰীস্তৱক।

৩০) ফলৰ অংশ বহিঃভিত্তি, মধ্যঃভিত্তি, অন্তঃভিত্তি আৰু বীজ।


Comments

Post a Comment

Comments should be honest and suggestive.

Popular Posts

Boys Masturbation

Google Translate English to Assamese | Reviews

How to Control Masturbation

Continents of the World:

Is Masturbation a Sin

Carl Sagan's Speech on the Future of Mankind

Most Popular American President

Masturbation After Vaccine

Dynasty after Bhaskar Varmana

Health Anthology of American Literature